বাক্সা, সংবাদ ৩৬৫, ২৪ মেঃ বাক্সা জিলাৰ তামুলপুৰত বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াবহ পথ দূৰ্ঘটনাত চল্লিশ জনতকৈও অধিক ছাত্ৰ আহত হয়। বিদ্যালয়ৰ ছাত্ৰ কঢ়িয়াই অনা এখন ডিআই ভেন পথৰ ওপৰত বাগৰি পৰাৰ ফলত চল্লিশ জনতকৈও অধিক ছাত্ৰ আহত হয়। তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ এক বিক্ষোভ কাৰ্যসূচীত ভাগ লবলৈ আহোঁতে ছাত্ৰ ভৰ্তি ডিআই ভেনখন জামগুৰি চ’কত নিয়ন্ত্ৰন হেৰুৱাই পথৰ ওপৰত বাগৰি পৰাত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হোৱা ছাত্ৰ সকলক তামুলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও গুৰুত্বৰ ভাৱে আহত প্ৰায় বিশজন ছাত্ৰক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।