গুৱাহাটীৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৪ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যহত থকাৰ সময়তে বৃহস্পতিবাৰে দীঘলিপুখুৰী পাৰত ঐক্য সেনা অসমে এই বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত এক প্ৰতিবাদী গণস্বাক্ষৰ অভিযান আৰম্ভ কৰে। এই প্ৰতিবাদী গণস্বাক্ষৰ অভিযানটো ৰাইজৰ বিপুল সহাঁৰি লাভ কৰাত ঐক্য সেনা অসমৰ কৰ্মকৰ্তা সকলে দীঘলিপুখুৰীৰ পাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই ‘বাংলাদেশী গ’ বেক’, ‘নাগৰিকত্ব সংশোধনী বাতিল কৰক’ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে আগবাঢ়ি যায়।