মিৰ্জা, ১০ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বঙৰাত বিয়াৰ ধামখুমীয়াৰ মাজত এজন লোকৰ তামোল খাই থকা সময়ত গলত লাগি কৰুণ মৃত্যুক সাৱতি লোৱাৰ ঘটনাই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বঙৰাৰ শলেশালাত যোগেশ্বৰ দাস(৫০) নামৰ ব্যক্তিজনে প্ৰায় দুমাহ ধৰি এঘৰত বিয়াৰ কামত কৰ্মৰত আছিল। আজিও বিয়া ঘৰত ৰান্ধনীক যা যোগাৰ কামত ব্যস্ত থকা সময়ত খাই থকা তামোল দাসৰ গলত গাঠি লাগি ধৰে আৰু মজিয়াত ঢলি পৰে। দাসক ততাতৈয়াকৈ আজাৰা চিকিৎসালয়ত ভৰ্তি কৰোতে হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত লগে লগে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়৷ কিন্তু জিএমচিএইচ পোৱাৰ পূৰ্বে দাসৰ মৃত্যু হয়৷ বঙৰাৰ স্থানীয় লোকৰ পৰা জানিব পৰা মতে, মৃত যোগেশ্বৰ দাস মধুমেহ ৰোগত আক্ৰান্ত আছিল৷ তেওঁ কালি বিয়াঘৰত খাহী মাংস খোৱাৰ লগতে আজি মিঠাইৰে চাহ খাইছিল। যোগেশ্বৰ দাসৰ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব>