বৰহাট, ১১ অক্টোবৰঃ চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট সাপ্তাহিক বজাৰগৃহত পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, পুৱতি নিশা প্ৰায় ২.৩০ বজাত সাপ্তাহিক বজাৰগৃহত অগ্নিকাণ্ড সংঘটিত হয়৷ দপদপকৈ জ্বলি উঠা জুইৰ পোহৰৰ লগতে শব্দ শুনি স্থানীয় লোকে নিদ্ৰাৰ পৰা সাৰ পাই স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে৷ ঘটনাস্থলীত বৰহাট অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত বৰহাট সাপ্তাহিক বজাৰৰ ৯ খনকৈ দোকান ভষ্মীভূত হয়৷ দোকানৰ স্বতাধিকাৰীৰ পৰা জানিব পৰা মতে অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভষ্মীভূত হৈছে। স্থানীয় লোকে কোনো দুষ্কৃতিকাৰীয়ে পুৱতি নিশা দোকানসমূহত অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে।