ৰঙিয়া, ১০ অক্টোবৰঃ গুণোৎসৱ নামত ৰাজ্য চৰকাৰে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰঙিয়াত টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি এজন শিক্ষকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ জলজলীৰ ৰহিম স্মৃতি এম ই স্কুলৰ শিক্ষক আকবৰ আহমেদে (৪৫) বিগত ২২বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছিল। ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক আকবৰ আহমেদ কেবাদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল। টকাৰ অভাৱত আহমেদে চিকিৎসা কৰিব নোৱাৰি অৱশেষত কৰুণ মৃত্যুক সাৱতি লয়। আকবৰ আহমেদৰ মৃত্যুৰ পিছত সমগ্ৰ অঞ্চলটোৰ লগতে ৰহিম স্মৃতি এম ই স্কুলত শোকাকুল পৰিবেশৰ সৃষ্টি হয়। মানব সম্পদ গঢ়া এজন শিক্ষকে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি কৰুণ মৃত্যুক সাৱতি লোৱাত স্থানীয় লোকে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷