মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৩০ মেঃ ৪৮ ঘন্টা পিছত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ব্যাপক প্ৰভাৱ পৰিব মৌচুমী বায়ুৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা শুক্ৰবাৰৰ পৰা ম্যানমাৰ হৈ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব মৌচুমী বায়ু। মৌচুমী বায়ুৰ ফলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ৪৮ ঘণ্টাৰ পিছত প্ৰভাৱ পৰিবলগীয়া এই মৌচুমী বায়ুৰ ফলত অহা ৩ দিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বৃষ্টিপাত অব্যাহত থাকিব বুলিও জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে অসম তথা মেঘালয়ৰ কিছু অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনাও আছে আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।