কুন্দন ভৰালী

নগাঁও

৫ জুলাই

নগাঁৱত তীৰৰ বেহাৰ লগত জড়িত বিজেপি কৰ্মীক জেললৈ প্ৰেৰণ। তীৰৰ বেহাৰ লগত জড়িত বিজেপি কর্মী পিংকু ঘোষসহ সাতজন আৰক্ষীৰ জালত।

ৰাজ্যত মহামাৰী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতো কিছুমান অসাধু লোকে চলাই আছে বিভিন্ন অবৈধ বেহা। এফালে বিজেপি চৰকাৰখনে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সাধাৰণ জনতাক আবদ্ধ কৰি ৰাখিছে বিভিন্ন নীতি-নিৰ্দেশনাৰ মাজত আনফালে আকৌ বিজেপি কৰ্মীয়ে চৰকাৰৰ এই নীতি-নিৰ্দেশনা ভংগ কৰি চলাই গৈছে অবৈধ কাৰ্য। দেওবাৰে এনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাত। নগাঁও সদৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত হয়বৰগাঁও ৰে’ল ষ্টেচনৰ সমীপত অভিযান চলাই উৎসাত কৰে তীৰৰ বেহাৰ ঘাটি। আৰক্ষীয়ে তীৰৰ বেহাৰ বিৰুদ্ধে চলোৱা এই অভিযানত আৰক্ষীৰ জালত পৰে
পিংকু ঘোষ নামৰ এজন বিজেপি কর্মী। তীৰৰ ঘাটিৰ পৰা আৰক্ষীয়ে বিজেপি কর্মী পিংকু ঘোষৰ লগতে অন্য ৭ গৰাকী লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তীৰৰ বেহাৰ লগত জড়িত লোকসকলৰ পৰা নগদ তিনি হাজাৰ টকা আৰু তীৰ খেলৰ বহীও জব্দ কৰে।

উল্লেখ্য যে, ধৃত আটাইকেইজনকে আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰোৱাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে। তীৰ বেহাৰ লগত জড়িত পিংকু ঘোষ নামৰ যুৱকগৰাকী নগাঁৱৰ বিজেপি দলৰ কৰ্মী। তীৰ খেলৰ দৰে অসামাজিক কাৰ্যত বিজেপি দলৰ কৰ্মী গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ নগাঁৱত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।