আনিছুৰ আলী

গৌৰীপুৰ

৬ জুলাই

ইপিনে বানপানী আদিৰ মোকাবিলাৰ লগতে ৰাইজক ৰক্ষনাবেক্ষণ দিয়াটো আৰক্ষী প্ৰশাসনৰ যে নৈতিক দায়িত্ব তথা কৰ্তব্য সেয়া সজোৰে প্ৰতিপন্ন কৰি দেখুৱাবলৈ সক্ষম হৈছে , ইপিনে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নয়াহাট আৰক্ষীয়ে।

কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নয়াহাট আৰক্ষীয়ে তিনিজন নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰীক নিচা জাতীয় সামগ্ৰীসহ কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ দুজন সৰবৰাহকাৰীক এক গোপন সূত্ৰৰ পমখেদি আটক কৰিবলৈ সক্ষম হৈছে। নিচা জাতীয় সমগ্রীৰ বিৰোধী বিৰুদ্ধে নয়াহাট আৰক্ষীয়ে লাভ কৰা সফলতাত সচেতন ৰাইজৰ বাহ বাহ ল’বলৈ সক্ষম হৈছে নয়াহাট আৰক্ষী।নয়াহাট থানাত আৰক্ষী বিষয়া ছফিউল আলম আজাদ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লোৱাৰ এমাহৰ ভিতৰতে যি কৰ্ম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে, সেয়া সচাঁই শলাগ ল’বলগীয়া বুলি সচেতন ৰাইজে স্বীকাৰ কৰিছে।

আনহাতে কেইমাহ মান পূৰ্বে থানাখনত যোগদান কৰা সহকাৰী বিষয়া উজ্জল পেগুৰ কৰ্ম দক্ষতাও মানুহৰ আলোচনাৰ বিষয় বস্ত হৈ পৰিছে । নয়াহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰী দুজন ক্ৰমে সাহানুৰ ৰহমান আৰু মোবাৰক হুছেইনৰ বিৰুদ্ধে যোৱা ২০১৩ চনতে বি. এল. পি. গোচৰ নং ২৯৬/১৩ আৰু ২১ , ২২ , ২৭ ধাৰাত এটা গোচৰ ৰুজু হৈ আছিল যদিও ইমান দিনে নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰী দুজনক আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি আছিল। আৰক্ষী বিষয়া উজ্জল পেগুৰ তৎপৰতা তথা ছফিউল আলম আজাদৰ সহযোগীতাত নিচা জাতীয় সমগ্ৰীসহ সৰবৰাহকাৰী দুজন আৰক্ষীৰ জালত পৰাত সমগ্ৰ অঞ্চলটোত সুস্থ পৰিৱেশ বিৰাজ কৰিব বুলি সচেতন মহলে আশা ব্যক্ত কৰিছে।