গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২ এপ্ৰিল: ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে নাৰী নিৰ্যাতন। এইবাৰ গোৱালপাৰাত আন এক দুৰ্ভাগ্যজনক ঘটনা । খোদ শিক্ষকৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী ছাত্ৰী । গোৱালপাৰা বাপুজীনগৰৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সমীপৰ গোৱালপাৰা পাব্লিক স্কুলত এই ঘটনা সংঘটিত হৈছে। হুমায়ুন কবিৰ নামৰ যোগ শিক্ষকজনে প্ৰস্ৰাৱাগাৰতে বলাৎকাৰৰ ব্যৰ্থ চেষ্টা চলায়৷ চিঞৰ-বাখৰ কৰি কথমপি ৰক্ষা পৰে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে প্ৰধান শিক্ষকক অৱগত কৰাত অভিযুক্ত শিক্ষকজনক কেৱল বিদ্যালয়ৰ পৰা উলিয়াই দি ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে। সন্ধিয়া বহু অভিভাৱক উপস্থিত হৈ বিদ্যালয় প্ৰধান শিক্ষকক জবাবদিহি কৰে আৰু গোৱালপাৰা থানাত যোগ শিক্ষকজনৰ বিৰুদ্ধে গোচৰ তৰে। নিশাই অভিযুক্ত শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জঘন্য ঘটনাটো গাপ দিয়াৰ চেষ্টা চলোৱা বিদ্যালয়খনৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ নজমুল হক আৰু প্ৰধান শিক্ষক খণীন্দ্ৰ কুমাৰ দাসকো আৰক্ষীয়ে  থানালৈ নি পিছত গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত যোগৰ বিশেষ শ্ৰেণীত ঘটনাটো সংঘটিত হয়। শেহতীয়াকৈ প্রশ্নকাকত কেলেংকাৰীত জড়িত গোৱালপাৰা ছায়েন্স একাডেমীৰ কলেজ ব্লক আৰু স্কুল ব্লক আগতে একেটা কোম্পাছতে আছিল যদিও যোৱা ডিচেম্বৰত স্কুল ব্লকটো চহৰখনৰ বাপুজীনগৰৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্র খেলপথাৰৰ কাষলৈ স্থানান্তৰ কৰে। স্কুলখনৰ  অধ্যক্ষ নজমুল হকে পৰিচালন সঞ্চালকৰ দায়িত্ব লয় । ইমান দিনে ছায়েন্স একাডেমী স্কুল ব্লক হিচাপেই চলি আছিল । প্ৰশ্নকাকত কেলেংকাৰীত জড়িত হৈ পৰাত ছায়েন্স একাডেমীৰ সলনি স্কুলখন গোৱালপাৰা পাব্লিক স্কুল হয় যদিও আজিও ছাত্র-ছাত্ৰীয়ে ছায়েন্স একাডেমীৰ ইউনিফৰ্ম পিন্ধি বিদ্যালয়লৈ আহে আৰু ছায়েন্স একাডেমীৰ গাড়ীৰে অহা যোৱা কৰে । অনিয়মৰ মাজতে এনে ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তাল হৈ পৰিছে গোৱালপাৰা । ছাত্ৰী নিৰ্যাতনৰ ঘটনাত জড়িত লম্পট শিক্ষকৰ শাস্তি আৰু পাব্লিক স্কুলৰ নামত চলা ছায়েন্স একাডেমী বন্ধৰ দাবীত বিদ্যালয় চৌহদত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্হা, ছাত্র মুক্তি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদ কৰি অভিযুক্তৰ ফাঁচি দাবী কৰিছে।