নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : হিন্দী ছবি জগতৰ পৰা আহিছে পুনৰ এক দুখজনক খবৰ। জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে। অভিনেতা গৰাকীয়ে চিপলৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

এটাৰ পিছত আনটো বেয়া খবৰ আহিছে বলিউডৰ পৰা। লক ডাউনৰ মাজতে জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু, অভিনেতা ঋষি কপুৰৰ মৃত্যুৰ খবৰৰ পিছত এইবাৰ বলিউডৰ পৰা আহিছে আত্মহত্যাৰ খবৰ। জনপ্ৰিয় টিভি আৰু চিনেমা অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰে জোকাৰি গৈছে বলিউডক। অভিনেতা গৰাকীয়ে নিজৰ মুম্বাইৰ বাসগৃহত চিপলৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। অভিনেতা গৰাকীয়ে নিজৰ মুম্বাইৰ বাসগৃহত অকলে বসবাস কৰিছিল। অভিনেতা সুশান্ত সিং ৰাজপুৰ ঘৰত কৰ্মৰত এজন ব্যক্তিয়ে আৰক্ষীক অভিনেতা গৰাকীৰ আত্মহত্যাৰ খবৰ ফোনযোগে দিছিল।

মুম্বাই আৰক্ষী ইতিমধ্যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ বাসগৃহত উপস্থিত হৈ অভিনেতা গৰাকীৰ মৃতদেহ নিজৰ জিম্মালৈ লৈছে বুলি জানিব পৰা গৈছে। অভিনেতা সুশান্ত সিং ৰাজপুত অমিৰ খান অভিনীত পি কে ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰাৰ লগতে ভাৰতীয় ক্ৰিকেট দলত প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিত মহেন্দ্ৰ সিং ধোনীৰ চৰিত্ৰত অভিনয় কৰিছিল।