জোনমনি বেগম

বিশ্বনাথৰ

২১ ফেব্ৰুৱাৰী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিমানেই অসমলৈ আহিব, সিমানেই কংগ্ৰেছৰ বাবে ভাল হ’ব। কাৰন প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ চনত বিশ্বনাথৰ এখন নিৰ্বাচনী সভাত কৈছিল যে দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিব আৰু প্ৰতিজন লোকক পোন্ধৰ লাখকৈ টকা দিব কিন্তু কাৰ্য ক্ষেত্ৰত সেইয়া হৈ নুঠিল। অসমৰ নিবনুৱা তথা বানপানী সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণকলৈ কংগ্ৰেছ নেতা তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাৰ মন্তব্য।

বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই “অসম বচাওঁ আহক” কাৰ্যসূচীৰ অধীনত দেওবাৰে বিশ্বনাথ জিলা কংগ্ৰেছে আয়োজন কৰা পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পদযাত্ৰাত অংশগ্ৰহণ কৰি ভূপেন বৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে। ইফালে যোৱা পাঁচ বছৰে সাৰ নোপোৱা অগপ প্ৰাৰ্থী প্ৰত্যাশী প্ৰবীন হাজৰিকাই হঠাৎ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ বাবে সক্ৰিয় হৈ পৰা কাৰ্যকো ধিক্কাৰ দিয়ে কংগ্ৰেছ কৰ্মী সকলে। আনহাতে কংগ্ৰেছৰ মুখপাত্ৰ ড° সঞ্জু বৰুৱাই এইবাৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে। ইফালে অগপৰ বিশ্বনাথৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰবীন হাজৰিকাক সমালোচনা কৰি কয় যে প্ৰবীন হাজৰিকা বিধায়ক হৈ থাকোতে বিশ্বনাথৰ উন্নয়নৰ বাবে একো কাম নকৰিলে। কেৱল গেট সমূহৰ ফিটাহে কাটিলে। কংগ্ৰেছে আয়োজন কৰা এই প্ৰতিবাদী পদযাত্ৰাৰ মাজতে বিশ্বনাথৰ ঠাকুৰবাৰী মন্দিৰত সেৱা লয় ভূপেন বৰাৰ লগতে কংগ্ৰেছ কৰ্মী সকলে।

আনহাতে কাৰ্যসূচীৰ অন্তত বিশ্বনাথৰ ভুৱালৰাম পেট্ৰ’ল পাম্পত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছ কৰ্মী সকলে। উল্লেখ্য যে পেট্ৰল, ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে দেওবাৰৰ আৰম্ভ কৰিছে বিক্ষোভ কাৰ্যসূচী। কংগ্ৰেছ দলে দেওবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।