গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ গোলাঘাটত জিলাত মাত্ৰ দহ টকাৰে বাবে এজন লোকে হত্যা চেষ্টা কৰিলে পত্নীক। পত্নীয়ে মদ খাবলৈ দহ টকা নিদিয়াৰ বাবেই স্বামীয়ে জ্বলাই দিলে পত্নীক। জানিব পৰা মতে, মদ খাবলৈ দেৱ পূজৰে পত্নী মাতু পূজৰক ৩০ টকা বিচাৰিছিল কিন্তু পত্নীয়ে ৩০ টকাৰ পৰিৱৰ্তে স্বামীক ২০ টকা দিছিল। ৩০ টকাৰ পৰিবৰ্তে পত্নীয়ে ২০ টকা দিয়াৰ বাবে মদাহী দেৱ পূজৰে পত্নীৰ শৰীৰত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে। অগ্নিদগ্ধ মাতু পূজৰ বৰ্তমান গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পত্নীক জ্বলাই হত্যাৰ চেষ্টা চলোৱা স্বামী দেৱ পূজৰক স্থানীয় লোকে উত্তম মধ্যম সুধাই আৰক্ষী গতাই দিয়ে।