মৰাণ, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ মৰাণৰ তিলৈনগৰ বঙালী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। তিলৈ নৈত পাঁচ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে পাঁচ দিন পূৰ্বে ৰাজেন মাৰ্দি নামৰ এজন লোকে শিশুটোক অপহৰণ কৰি নিছিল। বিগত পাঁচ দিন ধৰি ৰাজেন মাৰ্দি পলাতক হৈ আছে। মৰাণ আৰক্ষী শিশুটোৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ধৰ্ষণৰ পিছত শিশুটোক হত্যা কৰি নৈত পেলাই দিয়া হৈছে।