কুন্দন ভৰালী

নগাঁও

১৯ ছেপ্টেম্বৰ

নগাঁও জিলাৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৯ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা এটা কেঁকো সাপ, ৬ টা মোবাইল ফোন আৰু নগদ ৭ হাজাৰ টকা উদ্ধাৰ।

এক গোপন সুত্ৰৰ পমখেদি নগাঁও আৰক্ষীয়ে শনিবাৰে কেঁকো সাপসহ কৰায়ত্ত কৰে ৯ জন চোৰাং ব্যৱসায়ীক। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদূৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাওঁ চহৰৰ ধিং গেটৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰাং ব্যৱসায়ী কেইজনক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী কেইজন ক্ৰমে কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষীৰ থানাৰ অন্তৰ্গত মৈচাং গাঁৱৰ ঠেৰাং টেৰণ, বালিপথাৰৰ ভেৰাং তেৰাং, নগাঁৱৰ জখলাবন্ধা থানাৰ অন্তৰ্গত শাকমুঠিয়া চাহ বাগিচাৰ দিলিপ টচা, বামুণীগাঁৱৰ নবি হুচেইন, কলিয়াবৰ থানাৰ অন্তৰ্গত বামুণী ভেটাবাৰীৰ মইনুল হক, নুৰ হুছেইন, ১ নং হাতীগাঁৱৰ মফিজ উদ্দিন, হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত ১ নং কাকীৰ ছাইদুৰ ৰহমান আৰু মইনুল হক।

আৰক্ষীয়ে চোৰাং ব্যৱসায়ী কেইজনৰ কবলৰ পৰা এটা কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে ৬ টাকৈ মোবাইল ফোন আৰু নগদ ৭ হাজাৰ টকা জব্দ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰাং ব্যৱসায়ী কেইজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।