গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মেঃ মহানগৰী গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ। দীঘলীপুখুৰীৰ পাৰত কৰ্ণাটকত বিজেপিৰ চৰকাৰ গঠনৰ প্ৰতিবাদত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট। প্ৰতিবাদত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা, প্ৰাক্তন মন্ত্ৰী আৰু কেইবাশ কৰ্মীয়ে অংশগ্ৰহণ কৰে। কৰ্ণাটকত বিজেপিক সৰ্ববৃহৎ দল হিচাপে চৰকাৰ গঠন কৰিবলৈ দিয়াৰ পৰিবৰ্তে মণিপুৰ, গোৱা আৰু মেঘালয়ত কংগ্ৰেছ সৰ্ববৃহৎ দল হোৱাৰ পিছতো চৰকাৰ গঠন কৰিবলৈ নোপোৱাটো গণতন্ত্ৰৰ হত্যা বুলি অভিযোগ কৰে কংগ্ৰেছ দলে নেতা কৰ্মীয়ে। প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মন্তব্য প্ৰকাশ কৰে যে বিজেপি কৰ্ণাটক নিৰ্বাচনত বৃহৎ দল যদিও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় বিধায়ক বিজেপিৰ নাই, কংগ্ৰেছ আৰু জেডি (এছ) মিলিত হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম। বিজেপিক যদি বৃহৎ দল হিচাপে চৰকাৰ গঠন কৰিবলৈ দিয়া হৈছে তেন্তে মণিপুৰ, মেঘালয় আৰু গোৱাত কংগ্ৰেছ বৃহৎ দল হোৱাৰ পিছতো কয় বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়া হল বুলি প্ৰশ্ন কৰে। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে বৰ্তমান দেশৰ গণতন্ত্ৰ সংকটত আছে, গণতন্ত্ৰ ৰক্ষা বাবে আমি সকলো ওলাই আহিব লাগিব। কংগ্ৰেছৰ গণতন্ত্ৰ ৰক্ষা প্ৰতিবাদ কেইবাশ কংগ্ৰেছ কৰ্মীয়ে নৰেন্দ্ৰ মোদী মূর্দাবাদ, বিজেপি মূর্দাবাদ, গণতন্ত্ৰ ৰক্ষা কৰক, নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰক হত্যা কৰিছে শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।