বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৮ মেঃ বঙাইগাঁও জিলাৰ অল্ড কলনীস্থিত ৰে’লৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰীৰ প্ৰহাৰত দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী আহত হবলগীয়া হয় ৷ বনশ্ৰী সাহা নামৰ শিক্ষয়ত্ৰী গৰাকীয়ে শ্ৰেণীত এটেনডেন্স নিদিয়াৰ বাবে বৃহস্পতিবাৰে কণমাণি ছাত্ৰী গৰাকীক লাঠিৰে প্ৰহাৰ কৰাৰ ছাত্ৰী গৰাকী আহত হয়৷ বিদ্যালয়ৰ পৰা ঘৰত গৈ ছাত্ৰী গৰাকীয়ে বিষত চটফটাই নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থকাত পৰিয়ালৰ লোকে ভাল দৰে সোধ পোছ কৰাত ঘটনাৰ বিষয়ে অৱগত হয়৷ কণমাণি ছাত্ৰী গৰাকীৰ ভৰি হাতত লাঠিৰে প্ৰহাৰ কৰাৰ স্পষ্ট দাগ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক বঙাইগাঁও অসামৰিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আনপিনে বিদ্যালয়ত শিক্ষয়ত্ৰী গৰাকীয়ে ছাত্ৰীক প্ৰহাৰ কৰাৰ ঘটনা স্বীকাৰ কৰে যদিও ইয়াক সাধাৰণ ঘটনা বুলিহে মন্তব্য প্ৰকাশ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে। ইপিনে, শিক্ষয়ত্ৰী বনশ্ৰী সাহাই ছাত্ৰীগৰকীক খং উঠি শ্ৰেণী কোঠাত মাৰপিত কৰা বুলি স্বীকাৰ কৰে৷