বিজয় নগৰৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধৰ ঘটনা। চুৰি, ধৰ্ষণ, ডকাইতিৰ লগতে হত্যা, অপহৰণ যেন সাধাৰণ ঘটনাত পৰিণত হৈছে ৰাজ্যনখনত। সোমাবাৰে মহানগৰীৰ নিলাচল পাহাৰত এজন ভণ্ড বাবাৰ হাতত এহৰাকী মহিলা ধৰ্ষণ হোৱাৰ পিছত পুনৰ এক ভণ্ড বাবাই আহৰণৰ চেষ্টা চলালে এগৰাকী মহিলাসহ শিশুক। ৰাইজে অভিযোগ কৰা ম’তে এমাহ পূৰ্বে এজন ভণ্ড বাবাই অনুপ কলিতা নামৰ এজন লোক এজন ঘৰৰ মানুহক নানা প্ৰলোভন দি অচেতন কৰি দি লুট নিছিল বহু টকা। পুনৰ এই ভণ্ড বাবাজনে এজন সহযোগীৰ লগত আহি এগৰাকী মহিলা আৰু শিশুৰ লগত কথা পাতি বিভিন্ন প্ৰলোভন দি শিশুটোক অপহৰণ কৰিব বিচৰাত ৰাইজে ভণ্ড বাবা দুজনক বিজয়নগৰৰ মাজমজিয়াত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। পিছত ঘটনাস্থলীত বিজয়নগৰ আৰক্ষী উপস্থিত হৈ এই দুই ভণ্ড বাবাক উত্তেজিত ৰাইজ মাজৰ পৰা উদ্ধাৰ কৰি লয় যায়। এই ঘটনাই সমগ্ৰ বিজয়নগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।