গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰীঃ মহানগৰী গুৱাহাটীৰ দাতালপাৰস্থিত নতুন বস্তিত এটা ভাড়া ঘৰৰ পৰা মাতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে নতুন বস্তিত এটা ভাড়া ঘৰত থকা মনোৱাৰা বেগমৰ লগতে মনোৱাৰাৰ পাঁচ বছৰীয়া কন্যা মিলি মুছকানৰ মৃতদেহ ভাড়া ঘৰটোৰ পৰা মঙলবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয়। বৰ্তমানলৈকে মাতৃ কন্যাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও স্থানীয় লোকে হত্যাৰ সন্দেহ ব্যক্ত কৰিছে। উল্লেখ্য যে, কেইবছৰ মান পূৰ্বে মনোৱাৰা বেগমৰ স্বামীৰো মৃত্যু হৈছিল। মৃতদেহ উদ্ধাৰ হোৱা ভাড়া ঘৰটোলৈ আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।