কাজিৰঙা, সংবাদ ৩৬৫, ৩০ মাৰ্চ: ২০১৫ ৰ পিয়লৰ তুলনাত ২০১৮ ৰ পিয়লত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২ টা গঁড় বৃদ্ধি পাইছে। ২০১৫ ৰ পিয়লত কাজিৰঙাত ২৪০১ টা গঁড় থকাৰ বিপৰীতে ২০১৮ ৰ পিয়ল কাজিৰঙাত ২৪১৩ টা গঁড় থকাৰ তথ্য পোৱা গৈছে। বৰ্তমান কাজিৰঙাত ৬৪২ টা মতা গঁড় থকাৰ বিপৰীতে ৭৯৩ জনী মাইকী গঁড় আছে। কাজিৰঙাত লিংগ নিৰ্ণয় নোহোৱা গঁড়ৰ সংখ্যা ২০৬ বুলি ২০১৮ ৰ পিয়লত জানিব পৰা গৈছে। উদ্যানখনত ৪-৬ বছৰীয়া মতা গঁড়ৰ সংখ্যা ১১৬ টা, মাইকী গঁড়ৰ সংখ্যা ১৪৯ জনী আৰু সম বয়সৰ লিংগ নিৰ্ধাৰণ নোহোৱা গঁড়ৰ সংখ্যা ১২২ টা বুলি পিয়লত জানিব পৰা গৈছে। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত আছে ২৩০ টা এবছৰীয়া গঁড়ৰ পোৱালি আৰু এবছৰৰ তলৰ গঁড়ৰ সংখ্যা ১৫৫ টা। উল্লেখ্য যে, যোৱা ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ গণনা কৰা হৈছিল।