জাগীৰোড, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ প্ৰায় ১৬ মাহে দৰমহা নোপোৱাৰ ফলত সোমবাৰে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ এজন কৰ্মীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে কাগজ কলটোৰ কৰ্মী ইনামুদ্দিন আহমেদ নামৰ লোকজন টাৱাৰ এটাৰ ওপৰত উঠি তললৈ জঁপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ লোকে পিছত লোকজনাক সুৰক্ষিত ভাবে তললৈ নমাই আনি হাস্পাতাললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, জাগীৰোডস্থিত নগাঁও কাগজ কলখন প্ৰায় ১৬ মাহ ধৰি বন্ধ হৈ থকাৰ ফলত কলটোৰ কৰ্মচাৰীসকল দৰমহাৰ পৰা বঞ্চিত হব লগা হৈছে। দৰমহা নোপোৱাৰ ফলত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। ইনামুদ্দিন আহমেদ নামৰ কৰ্মচাৰীজন কাগজ কলৰ অন্যান্য কৰ্মচাৰী সকলৰ দৰে দৰমহা নাপাই পৰিয়াল পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হৈ আত্মহত্যাৰ চেষ্টা কৰে। ইনামুদ্দিন আহমেদ উজনি অসমৰ যোৰহাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে।