মেঘালয়, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালতাত বিধানসভা নিৰ্বাচৰ মাজত মাথোঁ কেইটামান দিন থাকোতে দুৰ্বৃত্তৰ গুলীত নিহত হৈছে এনচিপি এজন প্ৰাৰ্থী। জানিব পৰা মতে মেঘালয়ৰ উইলিয়াম নগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা জোনাথন চাংমাক দেওবাৰে গাৰো পাহাৰৰ চামান্দাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। দেওবাৰে নিশা প্ৰায় ৭.৫০ বজাত নিজৰ ঘৰলৈ আহি থকা অৱস্থাত চাংমাৰ বাহনত দুৰ্বৃত্ততাই আক্ৰমণ চলায়। আক্ৰমণত চাংমা নিহত হোৱাৰ লগতে তেওঁৰ দুই দেশৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে। দুয়োজন দেহৰক্ষীৰ অৱস্থা অতি সংকতজনক বুলিও জানিব পৰা গৈছে। গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰত সংঘটিত এই ঘটনাক লৈ বৰ্তমান সমগ্ৰ মেঘালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে। গুলীচালনা সংঘটিত হোৱা স্থানলৈ আৰক্ষীৰ দল উপস্থিত হৈছে আৰু এই ঘটনাৰ লগত মেঘালয়ৰ উগ্ৰপন্থী সংগঠন জিএনএলএ জড়িত থাকিব পাৰে বুলি বিভিন্ন মহলত সন্দেহ প্ৰকাশ কৰা হৈছে।