ৰূপহীহাট 

২২ ডিচেম্বৰ

এইবাৰ প্ৰকৃতিপ্ৰেমী সমগঠন “তাকিয়া পাব্লিক ফাউণ্ডেশ্যন”ৰ প্ৰচেষ্টাত নগাঁও জিলাৰ ধিং গাঁৱত উদ্ধাৰ চোৰাং চিকাৰীৰ কৱলৰ পৰা তিনিটা কাম চৰাই। লাওঁখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়া হ’ল চৰাই কেইটা। বিগত কিছুদিনত বন বিভাগেও লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল সমূহত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই।

নগাঁও জিলাৰ অগ্ৰনী প্ৰকৃতিপ্ৰেমী সংগঠন “তাকিয়া পাব্লিক ফাউণ্ডেশ্যন”ৰ উদ্যোগত ধিং গাঁৱৰ পৰা তিনিটাকৈ কাম চৰাই উদ্ধাৰ হয়। প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চোৰাং চিকাৰীৰ কবলৰ পৰা কাম চৰাই তিনিটা উদ্ধাৰ কৰে। শীতৰ আগমনৰ লগে-লগেই নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জলাশয় সমূহত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমনৰ সুযোগ গ্ৰহণ কৰি এচাম দুষ্ট চক্ৰই নানান  কৌশলেৰে চৰাই বোৰ নিধন কৰি ইয়াৰ ৰমৰমীয়া বেহা চলাই আহিছে। প্ৰকৃতিপ্ৰেমী সংগঠন “তাকিয়া পাব্লিক ফাউণ্ডেশ্যনে” একান্ত প্ৰচেষ্টা চলাই বিভিন্ন সময়ত চোৰাং চিকাৰীৰ কবলৰ পৰা পৰিভ্রমী চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি বন বিভাগেও লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল সমূহত অভিযান চলাই বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

কিছুদিন পূৰ্বে বন বিভাগে চোৰাং চৰাই চিকাৰীৰ কবলৰ পৰা ১৩ টাকৈ কাম চৰাই উদ্ধাৰ কৰিছিল। দুদিন পূৰ্বেও বন বিভাগে পথাৰত চোৰাং চিকাৰীৰ জালত আৱদ্ধ হৈ থকা তিনিটা পৰিভ্রমী চৰাই উদ্ধাৰ কৰিছিল। প্ৰকৃতিপ্ৰেমী সংগঠন “তাকিয়া পাব্লিক ফাউণ্ডেশ্যন”ৰ উদ্যোগত ধিং গাঁৱত চোৰাং চিকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা তিনিটা কাম চৰাই বন বিভাগৰ সহযোগত লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে।