গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ উজান বজাৰস্থিত আছুৰ মুখ্য কার্যলয়ৰ পৰা আছুৰ কৰ্মকৰ্তা সকলে জোঁৰ সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে। সমদলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু আছুৰ শীৰ্ষ নেতা সকলৰ লগতে শতাধিক আছুৰ কৰ্মকর্তা সকলে অংশগ্ৰহণ কৰে। জোঁৰ সমদলত অংশগ্ৰহণ কৰি আছুৰ কৰ্মকৰ্তা সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিল কৰক, কেন্দ্ৰ চৰকাৰ মূর্দাবাদ, ৰাজ্য চৰকাৰ মূর্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। সমদলত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই মন্তব্য প্ৰকাশ কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ জড়িয়তে কেন্দ্ৰ চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কার্যক কেতিয়াও মানি লোৱা নহব। ১৯৭১ চনৰ পিছত অহা সকলো অবৈধ নাগৰিক অসম ত্যাগ কৰিব লাগিব, ধৰ্ম ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা কেতিয়াও মানি লোৱা নহব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোনলন আৰম্ভ হৈছে আৰু এই আইন বাতিল নকৰালৈকে আন্দোলন অব্যহত থাকিব। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যদি এই আইনখনৰ বিৰোধিতা কৰিব পাৰে তেন্তে অসম মুখ্যমন্ত্ৰীয়ে কিয় ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই আইনখনক লৈ নিজৰ স্থিতি প্ৰকাশ কৰাৰো দাবী জনায় আছু মুখ্য উপদেষ্টা গৰাকীয়ে।