গোপাল প্ৰসাদ

কোকৰাঝাৰ

১৪ অক্টোবৰ

বিটিআৰ চুক্তিয়ে শান্তি-সম্প্ৰতি আৰু উন্নয়নৰ ক্ষেত্ৰত এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। এই চুক্তিৰ যোগেদিয়ে বিটিএডিৰ উজ্বল ভৱিষ্যত ৰচিত হ’ব। বিটিআৰ শান্তি চুক্তিক অৱজ্ঞা কৰা আৰু পাহৰি যোৱাটো কোনো কাৰণতে উচিত নহয়। বিটিআৰ চুক্তিকলৈ কোকৰাঝাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিআৰ চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। বিটিআৰ চুক্তিৰ ক্ষিপ্ৰ ৰূপায়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিআৰ চুক্তিৰ সন্দৰ্ভত অৱগত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ ওচৰত যাবলৈও বিজেপিৰ কৰ্মকৰ্তাসকলক আহ্বান জনায়। বিটিআৰ চুক্তিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই চুক্তিয়ে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ সকলো শ্ৰেণী ৰাইজৰ সমান্তৰালভাৱে উন্নয়নৰ লগতে শান্তি-সম্প্ৰতি আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। আগন্তুক সময়ছোৱাত বিটিএডিৰ ৰাইজে বিজেপি দলক আন্তৰিকতাৰে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰি বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ সমউন্নয়ন আৰু সমমৰ্যদাত বিজেপি চৰকাৰে প্ৰাধন্য প্ৰদান কৰি আহিছে। কংগ্ৰেছৰ দৰে বিজেপি চৰকাৰে আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত, জব কাৰ্ডৰ ক্ষেত্ৰত, ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত বা মধ্যাহ্ন ভোজনৰ আঁচনিৰ ক্ষেত্ৰত কোনোধৰণৰ কেলেংকাৰী, দূৰ্নীতি সংঘটিত কৰা নাই বুলিও দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজেপি দলৰ অনুসূচিত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে বাথৌ পূজা মণ্ডপত সেৱা লয় আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। তদুপৰি অনুসূচিত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনজাতি সম্প্ৰদায়ৰ মাজত অধ্যায়নশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জ্ঞানেৰে ধনী হোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।