বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ: পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ লগতে বুধবাৰে ৩৬নং ধূপগুৰী গাওঁ পঞ্চায়তত কংগ্ৰেছ দলৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত কংগ্ৰেছ দলৰ প্ৰাক্তন শিক্ষামন্ত্ৰী গৌতম বৰাই কয় যে কংগ্ৰেছ হৈছে দুখীয়া মানুহৰ উন্নয়নৰ কথা চিন্তা কৰা দল। আৰু তেওঁ বিজেপিক সমালোচনা কৰি কয় যে বিজেপি দলে কেৱল ধনী মানুহৰ কথাহে ভাবে। বিজেপিয়ে দুখীয়া মানুহৰ বাবে কোনো আচনি দিয়া নাই, কংগ্ৰেছৰ দিনত যি খিনি আচনি হৈছিল সেই আচনিৰ নামহে সলাইছে। পুৰনি বটলত নতুন ছীল মাৰি ৰাইজক ঠগি আছে ৷ লগতে এ আই ইউ ডি এফ দলে নিৰ্বাচনৰ সময়ত আহে মানুহক মিছা প্ৰলোভন দি ভোটলৈ গুচি যায় আৰু সধাৰণ ৰাইজৰ খৱৰ নলয়। কিন্তু কংগ্ৰেছ সদায় আপোনালোকৰ লগত আছিল আছে আৰু থাকিব। গতিকে এইবাৰ আপোনালোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক বিপুল ভোটত জয়ী কৰক বুলি নিৰ্বাচনী প্ৰচাৰ সভাত এইবুলি ভাষণ প্ৰদান কৰে। ধূপগুৰী পঞ্চায়তৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী ৰজিয়া চুলতানই জানিব দিয়ে যে এইবাৰ তেওঁ বিপুল ভোটত জয়ী হব ৷