আজাৰা, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ: ৰাজ্যৰ চৌদিশে পঞ্চায়ত নিৰ্বাচনক লৈ উখল-মাখল পৰিবেশ। সকলোতে বলিছে এতিয়া নিৰ্বাচনী বতাহ । কি বিজেপি,কি কংগ্ৰেছ,কি অগপ সকলো ব্যস্ত কেৱল নিৰ্বাচনী প্ৰচাৰত । মহানগৰীৰ সমীপৰ আজাৰাতো দেখা গ’ল নিৰ্বাচনী প্ৰচাৰৰ বতাহ । পশ্চিম গুৱাহাটী সমষ্টিৰ ৩৩ নং আজাৰা গাওঁ পঞ্চায়ততো নিৰ্বাচনী প্ৰচাৰৰ ব্যপক উচাহ দেখা গ’ল কংগ্ৰেছ প্ৰাৰ্থী সকলৰ মাজত । কংগ্ৰেছ প্ৰাৰ্থী সকলে লোকৰ ঘৰে ঘৰে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ । মন্দিৰ-মদজিত সকলোতে জনাইছে সেৱা-প্ৰাৰ্থনা । বিজেপিয়ে আঢ়ৈ বছৰে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমুহ দি সকলোকে প্ৰতাৰনা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিল অসমীয়াৰ মাজত জাপি দিয়াৰ বাবে ৰাইজে এইবাৰ কংগ্ৰেছকে ভোট দিব বুলি দৃঢ় বিশ্বাস কংগ্ৰেছী প্ৰাৰ্থী সকলৰ। উল্লেখযোগ্য যে অগপ-বিজেপিৰ মাজত যুদ্ধ হোৱাৰ বাবেই ৰাইজে এইবাৰ কংগ্ৰেছকে ভোট দিব বুলি বহু আশাবাদী কংগ্ৰেছ প্ৰাৰ্থীসকল।