ধুবুৰী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনে সংঘটিত হৈছে থকা ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে মঙলবাৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছ উদ্যোগত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। ধুবুৰী জিলা মহিলা কংগ্ৰেছে ধুবুৰী ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হৈ ধর্ষণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায়। শতাধিক মহিলাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি হাতে হাতে বেনাৰ পোষ্টৰ লৈ বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। মহিলা কংগ্ৰেছে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰ লগতে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তনৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসমত অপৰাধ নিয়ন্ত্ৰণত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী বেবী বেগমে।