চিৰাং

৬ ডিচেম্বৰ

বিজেপিয়ে বিটিচি ঠাণ্ডা কৰিলে। বিটিচিত শান্তিৰ পৰিৱেশ ঘুৰাই আনিলে বিজেপিয়ে। এটা সময়ত বন্দুক দেখুৱাই ভোট লোৱা সকলে এতিয়া হাতজোৰ কৰি ভোট বিচাৰিবলৈ বাধ্য হ’ল বিটিচিত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বৰ মন্তব্য। বিটিচিৰ অবৈধ অস্ত্ৰ ক’ত আছে আমি জানো, চৰকাৰে পৰ্যায়ক্ৰমে বিটিচিৰ অবৈধ অস্ত্ৰ সমূহ উদ্ধাৰৰ ব্যৱস্থা কৰিছে বুলিও মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

চিৰাং জিলাৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টীৰ বিজেপি প্ৰাৰ্থী অলক বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি দলে বিটিচিত পৰিৱেশ সলনি কৰি পেলাইছে। বিজেপিয়ে বিটিচিত এইবাৰ নিৰ্বাচনত শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হোৱাৰ বাবেই এটা সময়ত বন্দুৰ ভয় দেখুৱাই ভোট বিচৰা লোক সকলে এতিয়া ৰাইজৰ ওচৰত হাতজোৰ কৰি ভোট ভিক্ষা কৰিবলৈ বাধ্য হৈছে। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীয়ে লগতে কয় যে বিজেপিয়ে বিটিচি ঠাণ্ডা কৰি পেলাইছে আৰু বিটিচিত ক’ত ক’ত অবৈধ অস্ত্ৰ আছে এই সম্পৰ্কে চৰকাৰ জ্ঞাত। চৰকাৰে পৰ্যায়ক্ৰমে বিটিচিৰ অবৈধ অস্ত্ৰ সমূহ উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সুবাইঝাৰত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদনা কৰা ভাষণত বিটিচিত এইবাৰ বিজেপিৰ উত্থানত অন্য দল সমূহ শংকিত হৈ পৰাৰ আভাষ পোৱা যায়।

নিৰ্বাচনী প্ৰচাৰ সভাত মঙলদৈ লোকসভা সমষ্টীৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলিপ শইকীয়াই কয় যে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচনত বিজেপি দলে ১৫ খন আসন লাভ কৰাটো নিশ্চিত। বিজেপি দলে ডু অ’ৰ ডাই বুলিয়ে বিটিচি নিৰ্বাচনত জপিয়াই পৰিছিল। যিকোনো প্ৰকাৰে বিটিচি পৰিষদ দখলৰ বাবে বিজেপি দলে নিৰ্বাচনত নামিছে। বিটিচিবাসী লোকেও এই ক্ষেত্ৰত বিজেপি দলক সহায় কৰিছে কাৰণ দীৰ্ঘদিনীয়া বিপিএফ দলৰ দুৰ্নীতি, অপশাসনৰ পৰা বিটিচিবাসীয়ে পৰিত্ৰান বিচাৰিছিল বুলিও কয় সাংসদ গৰাকীয়ে। আনহাতে মন্ত্ৰী যোগেন মোহনে নিজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি বিধায়িকা আঙুৰলতা ডেকাক সতিৰ্থ বিধায়ক কমলসিং নাৰ্জাৰীয়ে কৰা অশালিন মন্তব‍্যৰ সন্দৰ্ভত কয় যে বিপিএফৰ এতিয়া দিকবিদিক হেৰুৱাৰ বাবেই এনে মন্তব‍্য কৰিছে। বিপিএফ ধল নিশেষ হোৱাৰ পথত। বিধায়িকা গৰাকিক কৰা মন্তব্যৰ বাবে আইনী ব্যৱস্থা গ্ৰহণৰ কথাও কয় মন্ত্ৰী গৰাকীয়ে।

চিৰাংৰ সুৱাইঝাৰত প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজহ মন্ত্ৰী যোগেন মোহন, মঙলদৈৰ লোকসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলিপ শইকীয়াসহ অন্যান্য কেবাজনো নেতা উপস্থিত থাকে। সভাৰ পিচতে মন্ত্ৰী যোগেন মোহনে এখন বাইক ৰেলীও উলিয়াই।