ডিমাকুছিৰ পৰা পিংকু কলিতা, সংবাদ ৩৬৫, ৩১ মাৰ্চ: ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ডিমাকুছিত শুক্ৰবাৰে নিশা সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ডিমাকুছিৰ মাজ মজিয়াত থকা ১২ খনকৈ দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত ডিমাকুছি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খনকৈ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাত শতাধিক দোকান জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডত মুঠ ১২ খনকৈ দোকান ভষ্মীভূত হয় যদিও এতিয়ালৈকে কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হৈছিল জানিব পৰা হোৱা নাই৷ আনহাতে শনিবাৰে পুৱাৰ ভাগত ডিমাকুছিত সঘনাই সংঘটিত হৈ থকা অগ্নিকাণ্ডৰ পিছতো অঞ্চলটোত অগ্নি নিৰ্বাপক বাহিনীৰ এখনো গাড়ী নথকাত ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। ডিমাকুছি ব্যৱসায়ী সংস্থাৰ লগতে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ বাবে কেইবাবাৰো দাবী জনাই অহাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ হাতত নলোৱাৰ অভিযোগ কৰি ডিমাকুছিৰ ব্যৱসায়ী সন্থা, বিভিন্ন দল সংগঠনৰ লগতে কেইবাশ পুৰুষ মহিলা ৰাজপথত ওলাই আহি এক বিশাল প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰে। সকলো ব্যৱসায়ীয়ে আজি দোকান বন্ধ কৰি ৰাস্তাত অসম চৰকাৰ হায় হায়, বিটিচি চৰকাৰ হায় হায়, ডিকুছিত অতি শিঘ্ৰে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী লাগে শ্লোগান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদী সাব্যস্ত কৰে। ডিমাকুছি ব্যৱসায়ী সন্থাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জানিবলৈ দিয়ে যে যেতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই ডিমাকুছিত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে অৰ্নিদিষ্ট কাললৈ ডিমাকুছিৰ সমূহ দোকান বজাৰ বন্ধ ৰখা হব।