কুন্দন ভৰালী

নগাঁও

২২ ফেব্ৰুৱাৰী

নগাঁৱত চোৰাং পশুধনসহ জব্দ হৈছে কেইবাখনো বাহন। দেওবাৰে নিশাৰ ভাগত নগাঁও আৰক্ষীয়ে জব্দ কৰে চোৰাং পশুধন ভৰ্তি এখন ট্ৰাকৰ লগতে পাঁচখন বলেৰ’ পিকাপ বাহন। পশুধন সৰবৰাহৰ লগত জড়িত বহু লোক পৰিছে আৰক্ষীৰ জালত।

ৰাজ্যৰত অব্যাহত আছে পশুধনৰ ছিণ্ডিকেট৷ নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত লগতে মধ্য অসমতো বিগত সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে পশুধন সৰবৰাহৰ অবৈধ বেহা। নগাঁও আৰক্ষীয়ে অবৈধ পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। বিগত কিছুমাহ ধৰি নগাঁও আৰক্ষীয়ে বৃহৎ সংখ্যক চোৰাং পশুধন জব্দ কৰাৰ লগতে পশুধনৰ সৰবৰাহৰ লগত জড়িত কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশাৰ ভাগত পুনৰ নগাঁও আৰক্ষীৰ জালত পৰে চোৰাং পশুধন কঢ়িয়াই নিয়া কেইবাখনো বাহনসহ বহু লোক। নগাঁও বৰঘাট বাইপাছত দেওবাৰে নিশা আৰক্ষীয়ে এখন ট্ৰাক আৰু পাঁচখন বলেৰ’ পিকাপ বাহনত কঢ়িয়াই অনা ৫৬ টা পশুধন জব্দ কৰাৰ লগতে আটক কৰে বহকেইজন লোকক৷ কলিয়াবৰ দিশৰ পৰা আনি থকা পশুধনখিনি যোৰাবাটেৰে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰা বুলি সন্দেহ কৰা হৈছে৷

ঘটনা সংক্ৰান্তত অধিক তথ্যৰ বাবে আটক কৰা লোক কেইজনক নগাঁও আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নগাঁৱৰ ৰূপহীহাট, চামগুৰি, জুৰীয়া আৰু কলিয়াবৰ অঞ্চলৰ বিভিন্ন স্থানৰ পৰা প্ৰায়েই চোৰাংকৈ বাংলাদেশলৈ পশুধন সৰবৰাহ কৰি আহিছে গৰু ছিণ্ডিকেটৰ লগত জড়িত অসাধু চক্ৰই৷