মাজুলী

২২ ফেব্ৰুৱাৰী

অসমীয়া ঐতিহ্য আৰু সংস্কৃতিৰ পীঠস্থান মাজুলীত দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে পঞ্জাৱ নেশ্যনেল বেংকৰ নৱতম “ফুলনি চাৰিআলি” শাখা উদ্বোধন কৰে। ফুলনি হাই স্কুলৰ খেলপথাৰত এই উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয় আৰু ইয়াত উপস্থিত থাকে পিএনবিৰ এমডি ও চিইঅ’ চিএইচ এছ এছ মল্লিকাৰ্জুন ৰাও, মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, বেংকটোৰ মুখ্য মহা প্ৰৱন্ধক বিবেক ঝা, মাণ্ডলিক প্ৰৱন্ধক (উত্তৰ পূব) এছ এছ সিং, পিএনবি মেটলাইফ ৰ এমডি ও চিইঅ’ আশীষ কুমাৰ শ্ৰীবাস্তৱ তথা দ্বীপ জিলাখনৰ আন-আন বিশিষ্ট ব্যক্তি আৰু মাজুলীৰ বৃহত্তৰ ফুলনি আৰু জেংৰাই অঞ্চলকে প্ৰমুখ্য কৰি অন্যান্য প্ৰান্তৰ লোকসকল।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ব্যক্তিগত আহ্বান মৰ্মে নতুন শাখাটি মুকলি কৰাৰ বাবে বেংকটোৰ কৰ্তৃপক্ষক ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে অঞ্চলটোৰ ৰূপান্তৰত শাখাটোৱে প্ৰকৃততে এটা বিশেষ ভূমিকা পালন কৰিব তথা জনসাধাৰণক তেওঁলোকৰ ঘৰৰ ওচৰতে বিভিন্ন বেংকিং সেৱা প্ৰদানৰদ্বাৰা আত্ম-নিৰ্ভৰ হোৱাত সহায় আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে সাধাৰণ নাগৰিককো বেংকৰ পৰা তেওঁলোকে লোৱা লোনৰ নিয়মীয়াকৈ পৰিশোধ নিশ্চিতৰে বেংকটোৰ বিষয়া-বৰ্গক সুচলতাৰে কাম-কাজ চলোৱাত সহায় কৰিবলৈ আহ্বান জনায়। পিএনবিৰ এমডি ও চিইঅ’ চিএইচ এছ এছ মল্লিকাৰ্জুন ৰাওৱে ফুলনি চাৰিআলি শাখা মুকলিত প্ৰদৰ্শন কৰা অসীম আগ্ৰহৰ বাবে মাজুলীৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। চিএইচ এছ এছ মল্লিকাৰ্জুন ৰাওৱে পৰম সন্তোষেৰে ব্যক্ত কৰে যে মুখ্যমন্ত্ৰীয়ে নিজা সমষ্টি তথা আইকনিক জিলাখনৰ অৰ্থনৈতিক বিকাশ নিশ্চিতকৰণত ভাগ ল’বলৈ পাই বেংকটো গৌৰৱান্বিত। কৃতজ্ঞতাৰ চিনস্বৰূপে, বেংকটোৱে মাজুলী জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ হাতত এখনি এম্বুলেঞ্চৰ চাবি তুলি দিয়ে। বেংকটোৱে তদুপৰি ভিন্ন বিদ্যালয়সমূহৰ ১৫ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাকে ধৰি বেংকটোৰ “পিএনবি লাডলি” আঁচনিৰ অধীনত শিক্ষাগ্ৰহণত সহায় আগবঢ়াবলৈ অঞ্চলটোৰ ২০ গৰাকী ছাত্ৰীক বাছি উলিয়ায়। মাজুলীৰ জনসাধাৰণক ক্ৰেডিট লিংকিঙৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বেংকটোৰ অংগীকাৰ স্বৰূপে শাখাটো মুকলি কাৰ্যসূচীৰ প্ৰাক সন্ধ্যা মুঠ ১৮.৪৩ কোটি টকা মূল্যৰ লোনত অনুমোদন জনোৱা যায়। এই কাৰ্যসূচীতে মাজুলীৰ পদ্মশ্ৰী গোপীৰাম বৰা বৰবায়ন বুঢ়াভকত আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক হেমচন্দ্ৰ গোস্বামীকো সম্বৰ্ধনা জনোৱা হয়।

মুখ্য মহা প্ৰৱন্ধক বিবেক ঝায়ে তেওঁৰ বক্তব্যত সুৰক্ষা তথা একেদৰে সেৱাসমূহ ক্ষীপ্ৰতাৰে আগবঢ়োৱাত প্ৰযুক্তি-নিৰ্ভৰ বেংকিং সেৱা ব্যৱহাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যক্ত কৰে। তেওঁ বিশ্বখনৰ সৰ্ববৃহৎ নদীদ্বীপটোত এটা স্মাৰ্ট বাতাবৰণ গঢ়ি তুলিবলৈ সকলো লোকক পিএনবি ওৱানৰ দৰে বেংকৰ নিউ এজ প্ৰডাক্টসমূহৰ ব্যৱহাৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়। মাণ্ডলিক প্ৰৱন্ধক এছ এছ সিঙে তেওঁৰ মন্তব্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাই সকলোকে অৱগত কৰে যে বেংকটোৱে মাজুলীক এখনি ডিজিটেল দ্বীপ জিলালৈ ৰূপান্তৰিত কৰাৰ দৃষ্টি নিক্ষেপ কৰিছে আৰু এই লক্ষ্যত উপনীত হ’বলৈ জনসাধাৰণৰ সহায় কামনা কৰে। পিএনবি মেটলাইফ ৰ এমডি ও চিইঅ’ আশীষ কুমাৰ শ্ৰীবাস্তৱেও অসামৰিক চিকিৎসালয়খনিলৈ হস্পিটাল বেড, হুইল চেয়াৰ, ষ্ট্ৰেচাৰ আৰু আন এনেধৰণৰ মেডিকেল সা-সৰঞ্জাম প্ৰদানৰদ্বাৰা তেওঁৰ কোম্পানীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।