হোজাই

২১ ফেব্ৰুৱাৰী

শিশুৰ লগত অসৎ কাৰ্য কৰি হত্যা কৰা এজন যুৱকক কিছুদিন পূৰ্বে হোজাই শংকৰদেৱ নগৰ আদালতে ফাঁচিৰ ৰায় প্ৰদান কৰিছিল যদিও এতিয়াও একাংশ বিকৃত মানসিকতাৰ লোকৰ মানসিকতা সলনি হোৱা নাই৷ একাংশ বিকৃত মানসিকতাৰ লোকৰ পৰা সুৰক্ষিত নহয় শিশু। পুনৰ এক বিকৃত মানসিকতাৰ যুৱকৰ কামনাৰ বলি হ’বলগীয়া হ’ল এটি শিশু।

হোজাইত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ এটি সাত বছৰীয়া শিশুৰ লগত কূ-কৰ্ম সংঘটিত কৰি শিশুটিক অতি বৰ্বৰতাৰে হত্যা কৰিলে এজন যুৱকে। দেওবাৰে পুৱা স্থানীয় ৰাইজে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত এখন পথাৰৰ মাজত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে৷ এই জঘন্য ঘটনা সংঘটিত হৈছে হোজাইৰ বৰহোলা গাঁৱত৷ জানিব পৰা মতে শনিবাৰে নিশা মৃত শিশুটিৰ মোমায়েকৰ বিবাহৰ অনুষ্ঠান আছিল আৰু বিবাহস্থলীৰ পৰাই এজন যুৱকে শিশুটিক পথাৰলৈ নি ধৰ্ষণ কৰি হত্যা কৰে৷ পুৱাৰ ভাগত এখন পথাৰত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে হোজাই আৰক্ষীক খৱৰ দিয়ে৷ হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ শিশুটিৰ লগত কু-কৰ্ম সংঘটিত হোৱাৰ যথেষ্ট তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ শিশুটিৰ শৰীৰত তেজৰ চেকা পোৱাত শিশুটিক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰিছে বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত উন্মোচিত হৈছে৷ ইফালে জয়প্ৰকাশ ওৰফে মুন্না নামৰ এজন যুৱকৰ লগত শিশুটিক নিশা ১২.৩০ বজাত স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰিছিল বুলি ৰাইজে অভিযোগ কৰিছে৷

জয়প্ৰকাশেই শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰি স্থানীয় ৰাইজে আৰক্ষীক বিষয়টো অৱগত কৰাত আৰক্ষীয়ে জয়প্ৰকাশক আটক কৰে৷ আৰক্ষীৰ জেৰাত জয়প্ৰকাশে এই কু-কৰ্ম সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে৷ শিশুটিক ফুচলাই বিবাহস্থলীৰ পৰা জয়প্ৰকাশে নিৰ্জন পথাৰত লৈ গৈছিল আৰু তাতে অসৎ কাৰ্য কৰি হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে যুৱকজনে৷ এই ঘটনাই হোজাই জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷