গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ মহানগৰ আৰক্ষীয়ে শুক্ৰবাৰে নিশা মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাই ব্যৱসায়ী হেমন্ত চাওচৰীয়াৰ হত্যাৰ সন্দেহত চাৰিজনকৈ লোকক আটক কৰিছে। জানিব পৰা মতে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দলে ব্যৱসায়ী হেমন্তৰ হত্যাৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন লোকক আটক কৰিছে। উল্লেখ্য যে, বুধবাৰে নিশা নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি পৰা ঘৰলৈ উভতি অহাৰ সময়ত হেমন্ত চাওচৰীয়াক হাটীগাঁৱত বাইকৰে আহি কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক বিচাৰি যোৱা কেইদিন ধৰি মহানগৰ আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছিল। হেমন্তৰ হত্যাকাণ্ডৰ পিছত মহানগৰীৰ আইন শৃংখলাকলৈ বিৰোধী দল কংগ্ৰেছে অসম বিধান সভাৰ চলি থকা সময়ত বিধান সভাৰ মজিয়া উত্তাল কৰি তুলিছিল। অৱশেষত মহানগৰ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজনকৈ লোকক শুক্ৰবাৰে নিশা আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক চাৰিজনৰ পৰিচয় এতিয়ালৈ ৰাজহুৱা কৰা নাই যদিও শনিবাৰে আটক কৰা লোক চাৰিজনাক ন্যায়ালয়ত হাজিৰ কৰিব বুলি জানিব পৰা গৈছে।