নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ নগাঁও জিলাত পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। কিছুদিন পূৰ্বে এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধর্ষণ কৰি কেৰাচিন তেল ঢালি জ্বলাই হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে পুনৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতন আৰু মাৰপিট কৰি নৈত পেলাই পলায়ন কৰে এজন লম্পট প্ৰেমিক। বিয়াৰ প্ৰলোভনে যুৱতী গৰাকীক ঘৰৰ পৰা লৈ আনিছিল ময়িদুল নামৰ টেম্পু চালক এজন যুৱতী গৰাকীক যৌন নিৰ্যাতন আৰু মাৰপিত কৰি কলং নৈত পেলাই পলায়ন কৰে। কলং নৈৰ পৰা উঠি আহি নগাঁও চহৰৰ আমোলাপট্টিৰ প্ৰতাপ শৰ্মা পথত কান্দি থকা অৱস্থাত যুৱতী গৰাকীক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে যুৱতী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।