গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ বৃহস্পতিবাৰে গোলাঘাট চহৰত নাৰীক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ দাবীত গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমিপত সহস্ৰাধিক মহিলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰীৰ ওপৰত হৈ থকা নিৰ্যাতনৰ পৰা নাৰীক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ দাবীত জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কিছুদিন পূৰ্বে নগাঁৱত এগৰাকী কিশোৰীক ধর্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ প্ৰতিবাদত ৰাইজ ৰাজপথত ওলাই আহিছিল। নাৰীৰ ওপৰত নিৰ্যাতনৰ বন্ধ কৰা, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা, ধৰ্ষণকাৰীৰ বিৰুদ্ধে আৰক্ষী শক্তিশালী ভূমিকা গ্ৰহণ কৰা, ২৪ ঘণ্টাই মহিলা আৰক্ষী সষ্টম হৈ থকা, অসামাজিক ঘাটি সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মহিলাসকলে গোলাঘাটৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীয়ে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ ৰাজ্যপাললৈ নাৰী সুৰক্ষাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।