কুন্দন ভৰালী

নগাঁও

২৮ ফেব্ৰুৱাৰী

নগাঁৱত চাঞ্চল্যকৰ ঘটনা। এগৰাকী মূক-বধিৰ কিশোৰীক অপহৰণৰ চেষ্টা। প্ৰতিবেশীৰ বিচনাৰ তলত হাত-ভৰি বান্ধি বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কিশোৰী গৰাকী। আৰক্ষী থানাত গোচৰ কিশোৰী গৰাকীৰ পিতৃৰ।

নগাঁৱৰ হুজ ৰঙাগড়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী মূক-বধিৰ কিশোৰীক অপহৰণ কৰি নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰাৰ চেষ্টা চলোৱাক লৈ সৃষ্টি হৈছে এই চাঞ্চল্যৰ। উত্থাপিত অভিযোগ অনুসৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত হুজ ৰঙাগড়াৰ এগৰাকী ১৪ বছৰীয়া কন্যাক অপহৰণ কৰি নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰীৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল প্ৰতিবেশী পৰিয়ালে। কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে যোৱা ২৬ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা কিশোৰী গৰাকী প্ৰতিবেশী পৰিয়ালৰ ঘৰৰ বিচনাৰ তলত হাত-ভৰি বান্ধি বস্তাত ভৰাই লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয়। কিশোৰী গৰাকীৰ উদ্ধাৰৰ পিছতেই সেই স্থানৰ পৰা পলায়ন কৰে পৰিয়ালটোৱে।

কিশোৰী গৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই চোকা অস্ত্ৰৰে ভয়-ভাবুকি প্ৰদান কৰি অপহৰণ কৰি আৰু দুষ্ট চক্ৰৰ হাতত বিক্ৰীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে কিশোৰী গৰাকীৰ পিতৃয়ে স্থানীয় আৰক্ষী চকীত লিখিত অভিযোগো দাখিল কৰিছে। এই চাঞ্চল্যকৰ ঘটনাই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ হুজ ৰঙাগড়া অঞ্চলত।