কুন্দন ভৰালী
নগাঁও
১৫ ছেপ্টেম্বৰ

নগাঁৱত গুৱাহাটীৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। আৰক্ষীৰ জালত নগাঁৱৰ যুৱক লিটন সাহা। গুৱাহাটীৰ পৰা লিটন সাহাক সাক্ষাৎ কৰিবলৈ আহিছিল যুৱতীগৰাকী।

নগাঁৱত গুৱাহাটীৰ এগৰাকী বিবাহিতা যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। গুৱাহাটী লাচিত নগৰৰ অমৃতা কৰ্মকাৰ নামৰ যুৱতী গৰাকীক নগাঁৱৰ হয়বৰগাঁৱৰ লিটন সাহা নামৰ এইজন যুৱকে বিয়াৰ প্ৰলোভনেৰে প্ৰেমত পেলাই দেওবাৰে নগাঁও লৈ আনি নগাঁও চহৰৰ এটা ল’জত ৰাখিছিল। বিবাহিতা তথা এটি চাৰি বছৰীয়া সন্তানৰ মাতৃ অমৃতা কৰ্মকাৰ হঠাৎ গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত দেওবাৰে নিশাই অসুস্থ অৱস্থাত অমৃতা কৰ্মকাৰক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নিয়া হয় যদিও চিকিসালয়ত যুৱতীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। অমৃতা কৰ্মকাৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰিছে লিটন সাহা নামৰ যুৱকজনক।

উল্লেখ্য যে পাঁচ বছৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হোৱা অমৃতা কৰ্মকাৰ এটি চাৰিবছৰীয়া সন্তানৰ মাতৃ। মঙলবাৰে এই ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজহাৰ দাখিল কৰিছে অমৃতা কৰ্মকাৰৰ পিতৃ বিশ্বনাথ কৰ্মকাৰে। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।