লামডিং

১৫ ছেপ্টেম্বৰ

মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে মঙলবাৰে হোজাই জিলাৰ লামডিংত ‘অসম দৰ্শন’ আঁচনিৰ অধীনত কালিবাৰী আৰু শীতলাবাৰী মন্দিৰৰ আন্তঃগাঁথনিগত উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থানপ কৰে। আঁচনিৰ অধীনত দুয়োটা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰত্যেককে ১০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লামডিং নামঘৰত সেৱা আগবঢ়াই তাত উপস্থিত থকা ভক্তগণক সম্বোদি কয় যে অসমৰ মঠ-মন্দিৰ, সত্ৰ-দেৱালয়সমূহৰ বিকাশ আৰু সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে ‘অসম দৰ্শন’ আঁচনিৰ অধীনত আৰ্থিক সাহায্য আগবঢ়াইছে। স্বাধীনতাৰ ৭০ বছৰ পিছত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ আঁচনি গ্ৰহণ কৰাৰ নজিৰ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন চহকী কৰি থৈ গৈছে। মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰৱাহিত ভক্তিৰসৰ মাজত মানৱীয় অনুভূতি বিচাৰি পোৱা যায়। মহাপুৰুষগৰাকীয়ে যি বাণী অৰ্পণ কৰি গৈছে তাৰ আধাৰত আমি এখন শক্তিশালী অসম নিৰ্মাণ কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ ৰাজ্য চৰকাৰে ২০১৬ চনৰ পৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম-মৰ্যাদাৰ বাবে কাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰি আমাৰ মাজত থকা শক্তি, সম্পদ আৰু সম্ভাবনাক উজলাই তুলিবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলিও প্ৰকাশ কৰে। কৰ্মৰ জৰিয়তে এখন আদৰ্শ ৰাজ্য গঢ়ি তুলিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুজনাই দি যোৱা বাণীৰে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সমাজ নিৰ্মাণ কৰিবলৈ সকলোকে আহ্বান জনায়। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মাস্ক পৰিধান নকৰিলে, সামাজিক দূৰত্ব বজাই নাৰাখিলে বিপদত পৰিব লাগিব। সামাজিক দায়বদ্ধতাৰে স্বাস্থ্য বিধি মানি চলিব লাগিব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

অনুষ্ঠানত বিধায়ক ক্ৰমে শিবু মিশ্ৰ, শিলাদিত্য দেৱ, ৰূপক শৰ্মা, ডিম্বেশ্বৰ অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উলস্থিত থাকে।