ৰঙিয়া, ৩১ অক্টোবৰঃ ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন ছাত্ৰ থিতাতে নিহত হয়৷ প্ৰাপ্ত তথ্য মতে, নিহত ছাত্ৰ দুজন ৰঙিয়াৰ আনন্দৰাম বৰুৱা কলেজৰ ছাত্ৰ তথা তুলসীবাৰীৰ নিৰ্মল কলিতা (১৮) আৰু গান্ধীবাৰীৰ ৰাজীৱ কলিতা(১৮)৷ ছাত্ৰ দুজনে স্কুটীত স্কুললৈ আহি থকা সময়ত আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়৷ পিছত ক্ষুদ্ধ জনতাই ডাম্পাৰৰ চালক আয়েজুল হকক উত্তম মাধ্যম শোধাই ডাম্পাৰখন জ্বলাই দিয়ে। ক্ষুদ্ধ জনতাৰ আক্ৰমণত ডাম্পাৰৰ চালকজন গুৰুতৰভাৱে আহত হৈ জিএনআৰচিত চিকিৎসাধীন হ’বলগীয়া হয়। উল্লেখ্য যে, ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ দৌৰাত্ম্যই পথাচাৰী তথা বিভিন্ন যান বাহনৰ চালকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় লোকে প্ৰশাসনক এই সন্দৰ্ভত কেবাবাৰো অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে উদণ্ড ডাম্পাৰ চালকসকলক নাকী লগোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ আজি ছাত্ৰ দুজনৰ দুৰ্ঘটনাৰ পিছত ক্ষুন্ন জনতাই ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে খবৰ দিয়াৰ পিছতো দুৰ্ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী আৰু ১০৮ এম্বুলেঞ্চ সেৱা, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত ক্ষুদ্ধ জনতাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীক জুই নুমুৱাত বাধা প্ৰদান কৰে।