আজাৰা, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ: বিমান যাত্ৰীসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা বিমান যাত্ৰীসকলৰ সুবিধাৰ্থে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰচৰাত ৰবিবাৰে মুকলি কৰা হ’ল চাৰিখনকৈ বিভিন্ন ধৰণৰ খাদ্যৰ নতুন বিপনী। এই খাদ্যৰ বিপনী কেইখন বিমানবন্দৰৰ ভিতৰত আনুষ্ঠানিকভাৱে উত্তৰ-পুবাঞ্চলৰ এয়াৰপোৰ্ট অঠৰীটিৰ ৰেডে মুকলি কৰে এয়াৰ বিন্চ, বাস্কিন বিআৰ ৰবীন্চ, ফুড মিআগো, গ্লাইড দা বাৰ আৰু মচালা অনিন্দাৰ নামৰ বিপনী কেইখনৰ । বিমানবিন্দৰখনৰ পৰীক্ষণ এলেকা আৰু যাত্ৰী সকলে ৰাওনা হোৱা ঠাই সমুহত এই চাৰিখন অতি কম মূল্যৰ বিপনী আজিৰে পৰা শুভৰম্ভনী হয়। উক্ত মুকলি অনুষ্ঠানত উপস্থিত আছিল এয়াৰপোৰ্ট অঠৰীটি অফ ইন্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেড ডি কে কামৰা আৰু বহু কেইজন বিষয়ববীয়া।