নলবাৰী, সংবাদ ৩৬৫, ২১ মেঃ নলবাৰীত আমছুয়ে দাঙি ধৰিলে মানব ধৰ্মৰ এক উৎকৃষ্ট উদাহৰণ। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী চকীৰ অন্তৰ্গত কান্ধবাৰী গাঁৱত সঞ্জয় ঠাকুৰ নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ লোকৰ যোৱা ১৯ মে’ৰ  সন্ধিয়া মৃত্যু ঘটাত আৰ্থিক ভাবে জুৰুলা পৰিয়ালটোৱে মৃতকৰ সৎকাৰ কৰাত অপাৰগ হোৱাত পৰিয়ালটোৰ সহায়ৰ বাবে আগুৱাই আহে নলবাৰী জিলা আমছুৰ সাধাৰণ সম্পাদক মহিদুল ইছলাম, প্ৰচাৰ সম্পাদক আমজাদ হুছেইন আৰু কান্ধবাৰী গাঁৱৰ কেইজনমান মুছলমান সম্প্ৰদায়ৰ যুৱক। হিন্দু ধৰ্মাৱলম্বী মানুহ এজনক সৎকাৰ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি মৃতদেহ সৎকাৰ কৰাৰ ব্যবস্থা কৰে আমছুৰ সাধাৰণ সম্পাদক মহিদুল ইছলাম, প্ৰচাৰ সম্পাদক আমজাদ হুছেইন আৰু কান্ধবাৰী গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ যুৱক সকলে। নলবাৰী জিলা আমছুক মৃতদেহ সৎকাৰ কৰাত সহযোহ কৰে বড়ো সম্প্ৰাদায়ৰ দুজন লোক, বিহাৰী সম্প্ৰদায়ৰ পাঁচজন লোক আৰু হিন্দু সম্প্ৰাদায়ৰ চাৰিজন লোকে। নিশা প্ৰায় ১ মান বজাত সকলোৱে ব্ৰহ্মপুত্ৰ নদীৰপাৰত উপস্থিত হৈ মৃতদেহ সৎকাৰ কৰি আমছুৰ সদস্য সকলে সকলোকে সৎকাৰ শেষ কৰি আহিব’লৈ অনুৰোধ জনাই ৰমজান মাহৰ চেহেৰী খাবলৈ ঘৰমুৱা হয়। আমছুৰ এই কাৰ্যক সমগ্ৰ অঞ্চলবাসীয়ে শলাগ লৈছে।