অনলাইন ডেস্ক, সংবাদ ৩৬৫, ২১ মেঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেওবাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ ২০১৩ চনৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ পিছত সোমবাৰে পুনৰ বৃদ্ধি পায় পেট্ৰল আৰু ডিজেলৰ মূল্য। সোমবাৰে পেটেলৰ মূল্য ৩৩ পৰা ৩৫ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ২৫ পৰা ২৭ পইচা বৃদ্ধি পায়। সোমবাৰৰ মূল্যবৃদ্ধিত বৰ্তমান ৰাজধানী দিল্লীত পেট্ৰলৰ মূল্য ৭৬.৫৭ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য ৬৭.৮২ টকা হৈছে। পেট্ৰল আৰু ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাত বৰ্তমান অসমত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছে ৭৮.৭২ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৭০.৭৯ টকা। তেল কোম্পানী সমূহে কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি স্থগিত ৰখাৰ পিছত যোৱা ১৪ মে’ৰ পৰা প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে। পেট্ৰল আৰু ডিজেলৰ এই অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে যদিও তৈল কোম্পানী সমূহে আন্তৰাষ্ট্ৰীয় বজাৰৰ দোহাই দি পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰা বুলি জানিবলৈ দিছে। বৰ্তমান সমগ্ৰ এছিয়াৰ ভিতৰত ভাৰততে পেট্ৰল আৰু ডিজেলৰ মূল্য সৰ্বাধিক।