গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মেঃ  বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা কৰে যদিও গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ফলাফল নোপোৱাত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ মাজত হাহাকাৰ সৃষ্টি হয়। শিক্ষা সংসদৰ গাফিলটিৰ ফলত পৰীক্ষাৰ ফলাফল নোপোৱাৰ অভিযোগ উত্থাপিত কৰি শিক্ষাৰ্থী সকল ক্ষোভিত হৈ পৰে। উল্লেখ্য যে এইবাৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা মুঠ ৬৯ গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও এজনো শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ পৰিবৰ্তে বিগত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ৩৭ গৰাকী শিক্ষাৰ্থীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে মাত্ৰ ৯ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ ফলাফল নোপোৱাত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকল ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল’গানেৰে মহাবিদ্যালয়খনৰ পৰিবেশ উত্তাল কৰি তোলে। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বেও ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে এডমিত কাৰ্ড পোৱা নাছিল বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ এডিছন আলীয়ে পৰীক্ষাৰ ফলাফল নোপোৱাত শিক্ষা সংসদৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা হৈছে।