নাগালেণ্ড, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকসকলৰ মাজত হিংসাৰ ঘটনা। শনিবাৰে নাগালেণ্ডৰ মোককচাঙ জিলাৰ চূনটিয়াত দুটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘটিত হয় এক হিংসাত্মক ঘটনা। দুই ৰাজনৈতিক দলৰ সমৰ্থকসকলৰ মাজৰ হিংসাত্মক ঘটনা এটা সময়ত গুলীয়াগুলীত ৰূপান্তৰিত হয়। সমৰ্থকসকলৰ মাজত হোৱা গুলীয়াগুলী ফলত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুত্বভাৱে আহত হয়। উল্লেখ্য যে, শনিবাৰে চূনটিয়াত এটা বিশেষ ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত আন এটা দলৰ সমৰ্থকৰ মুখামুখি হোৱাত সংঘৰ্ষৰ সূত্ৰপাত হয় যত এজন যুৱকৰ মৃত্যু হোৱা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হয়। নাগালেণ্ড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মোককচাঙৰ আৰক্ষীয়ে এই গুলীয়াগুলীৰ ঘটনাত কোনো যুৱকৰ মৃত্যু হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে।