মেঘালয়, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ যোৱা বুধবাৰে পাহাৰীয়া ৰাজ্য মেঘলায়ৰ গাৰো পাহাৰত জিএনএলএ নামৰ উগ্ৰপন্থী সংগঠনটোই এনচিপিৰ এগৰাকী প্ৰাৰ্থী সহ মুঠ চাৰিজন লোকক নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি হত্যা কৰাৰ পিছত উগ্ৰপন্থী সংগঠনটোৰ সেনাধক্ষ্যৰ সন্ধান দিওতালৈ মেঘলায় আৰক্ষীয়ে দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতো শনিবাৰে পুৱাৰ ভাগত আৰক্ষী আৰু জিএনএলএৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত উগ্ৰপন্থী সংগঠনটোৰ সেনাধক্ষ্য গৰাকী নিহত হোৱাত মেঘালয় আৰক্ষীয়ে এক বৃহত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ৰাজ্যখনৰ আটাইতকৈ শক্তিশালী উগ্ৰপন্থী সংগঠন গাৰো নেশ্বনেলিষ্ট লিবাৰেশ্বন আৰ্মী চমুকৈ জিএনএলএ যোৱা বুধবাৰে নিশা প্ৰায় ৮ বজাত ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব বিচৰা এনচিপিৰ প্ৰাৰ্থী জোনাথন এন চাংমাৰ বাহনত আইইডিৰে আক্ৰমণ চলোৱাৰ উপিৰ নিৰ্বিচাৰ গুলী বৰ্ষণ কৰে। উগ্ৰপন্থীৰ এনে বৰবৰ গুলীচালনাৰ ফলত এনচিপিৰ প্ৰাৰ্থী গৰাকীৰ লগতে মুঠ চাৰিজনকৈ লোক নিহত হৈছিল। জিএনএলএৰ এই আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া ৰাজ্যখনৰ লগতে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পাছতেই মেঘালয় আৰক্ষীয়ে জিএনএলএৰ সেনাধক্ষ্য গৰাকীৰ সন্ধান দিওতালৈ দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। এই পুৰস্কাৰ ঘোষনাৰ পিছতেই গোপন সুত্ৰৰ পৰা আৰক্ষীয়ে সেনাধক্ষ্য গৰাকী পূব গাৰো পাহাৰ জিলাত আত্মগোপন কৰি থকাৰ সন্ধান লাভ কৰে। মেঘালয় আৰক্ষীয়ে জিএনএলএৰ সেনাধ্যক্ষৰ আত্মগোপন কৰি থকা স্থানৰ সন্ধান লাভ কৰাৰ পিছত শনিবাৰে পুৱাৰ ভাগত মেঘালয়ৰ বিশেষ আৰক্ষীৰ দল এটাই জিএনএলএৰ সেনাধ্যক্ষ গৰাকীক বিচাৰি অভিযান আৰম্ভ কৰে। অৱশেষত আৰক্ষীয়ে গাৰো পাহাৰৰ ডবু থানাৰ অধীনস্থ আচাকপেক গাঁৱৰ পাহাৰৰ মাজত আত্মগোপন কৰি থকাৰ জিএনএলএৰ সেনাধ্যক্ষ আৰু সংগঠনটোৰ কেইজনমান সদস্য আৰক্ষীৰ সৈতে মুখা মুখি হোৱাৰ পিছতেই আৰম্ভ হৈছিল প্ৰচণ্ড গুলীয়াগুলী। এই গুলীয়াগুলীত উগ্ৰপন্থী সংগঠনটোৰ সেনাধক্ষ্য গৰাকী থিতাতে নিহত হয় যদিও সংগঠনটোৰ আন সদস্য কেইজন পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পিস্তল, গুলীকে ধৰি বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। মেঘালয় আৰক্ষীৰ এই সফলতাৰ ফলত ৰাজ্যখনৰ আৰক্ষীয়ে প্ৰসংসাৰ পাত্ৰ হৈ পৰিছে যদিও সেনাধক্ষ্য গৰাকীৰ সন্ধান কোনে দিলে তাক লৈ ৰাজ্যখনত সকলোৰে মাজত আলোচনা আৰম্ভ হৈছে। একাংশই দাবী কৰা মতে আৰক্ষীক সেনাধক্ষ্য গৰাকীৰ সহযোগীয়ে সন্ধান দিয়াৰ ফলত আৰক্ষীয়ে অতি সহজে সফলতা লাভ কৰিছে।