দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ: নিজৰ সুঠাম দেহটোৰে জগত জিনিবলৈ সক্ষম হোৱা দক্ষিণ কামৰূপ জিলাৰ বকোৰ সন্তান গোলাপ ৰাভা হতাশগ্ৰস্ত হৈ পৰিছে। মিষ্টাৰ অলিম্পিয়াৰ বাবে সাজু হোৱাৰ আগমুহুৰ্তত অসম গৌৰৱ গোলাপ ৰাভাই দেওবাৰে এক সংবাদ মেল যোগে দেহশ্ৰী প্ৰতিযোগিতা জগত খনৰ পৰা আতৰি অহাৰ কথা দুখ আৰু ক্ষোভৰে প্ৰকাশ কৰে। মিষ্টাৰ ৱৰ্ল্ড আৰু মিষ্টাৰ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰি অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতো ৰাজ্য চৰকাৰ খনে শুভেচ্ছা এটি দিয়ে দায়িত্ব সামৰিলে । কিন্ত মিষ্টাৰ অলিম্পিয়াৰ বাবে সুদুৰ আমেৰিকালৈ গৈ এবছৰ প্ৰশিক্ষণ লোৱাৰ বাবে গোলাপ ৰাভাক প্ৰয়োজন হ’ব প্ৰায় এক কৌটি টকাৰ । কিন্তু গোলাপ ৰাভাৰ বাবে এয়া যেন হৈ পৰিছে এক প্ৰত্যাহ্বান । সেয়েহে ৰাজ্য চৰকাৰৰ পৰা অপেক্ষিত হৈ দেওবাৰে গোলাপ ৰাভাই অনুষ্ঠিত কৰে এক সংবাদ মেল । আনকি গোলাপ ৰাভাক দক্ষিণ কামৰূপৰ হোৱা বাবে চৰকাৰে তেওঁক মাহীআইৰ দৃষ্টিৰে চাই বুলি সংবাদ মেলত প্ৰকাশ কৰে । লগতে চৰকাৰে তেওঁক অৱহেলিত কৰিলে দেহশ্ৰী প্ৰতিযোগীতাত আহিবলগীয়া নৱপ্ৰজন্ম পিছুৱাই থাকিব বুলি জনায় । লগতে ৰাজ্য চৰকাৰে তেওঁক যদিহে সহায় নকৰে তেন্তে দেহশ্ৰী প্ৰতিযোগিতাৰ জগত খনৰ পৰাই আতৰি আহিব লাগিব অথবা অন্য দেশৰ প্ৰতিনিধি হিচাপে যুজ দিব লাগিব বুলি সংবাদ মেলত জানিবলৈ দিয়ে। এতিয়া প্ৰশ্ন হৈ গোলাপ ৰাভাৰ দৰে প্ৰতিভাক উজলি উঠাৰ বাবে চৰকাৰখনে সহায়ৰ হাত খন কিয় আগবঢ়োৱা নাই ? নে এই সমূহ প্ৰতিভাক অৱহেলিত হৈয়ে নি:শেষ হবলৈ দিব নেকি চৰকাৰে ?