গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উজনিৰ পৰা নামনিলৈকে বিভিন্ন দল সংগঠনৰ লগতে অসমবাসী ৰাইজৰ বিৰোধ অব্যহত আছে। প্ৰতিদিনে এই বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আছে। মঙলবাৰে মহানগৰীৰ চনমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আছুসহ ২৮ টাকৈ জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণঅনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম আন্দোলন সংগ্ৰামী মঞ্চই বিধেয়কখন বাতিলৰ দাবীত পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। অসম আন্দোলন সংগ্ৰামী মঞ্চই মহানগৰীৰ গণেশগুৰিৰ গণেশ উদ্যানৰ পুৱা ১০.৩০ বজাত প্ৰতিবাদী সমদল উলিয়াই ৰাজভৱনলৈ পদযাত্ৰা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী পদযাত্ৰা সমদলত আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক লোকে অংশগ্ৰন কৰে। পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবাদী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে।