তামুলপুৰ, সংবাদ ৩৬৫, ৬ জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত শীঘ্ৰে গৃহীত কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ জনসভাত ঘোষনা কৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ঠায়ে ঠায়ে দল-সংগঠনৰ ব্যাপক আন্দোলনৰ সৃষ্টি হৈছে। দেওবাৰে দিনত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবীত তামুলপুৰৰ কুমাৰীকাটাত দু-ঘন্টীয়া ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দু-ঘন্টীয়া পথ অৱৰোধ থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধশতাধিক সদস্য উপস্থিত থাকে ৷ পথ অবৰোধকাৰী সকলে হাতে-হাতে বেনাৰ প্লে কাৰ্ড আদি লৈ আৰ এছ এছ মুৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল হবই লাগিব, বাংলাদেশী খেদিব লাগিবই আদি শ্লোগান দি উত্তাল কৰি তোলে কুমাৰীকাটাৰ ৰাজপথ। পাছত পথ অবৰোধ থলীত কুমাৰীকাটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি জিলা সম্পাদক থানেশ্বৰ কলিতাসহ পথ অবৰোধ কাৰী সকলক আটক কৰি থানালৈ লৈ যায় ৷ ইপিনে পথ অবৰোধৰ ফলত পথচোৱাত যান বাহনৰ আহ জাহ বন্ধ হৈ পৰে ৷