তেজপুৰ, সংবাদ ৩৬৫, ২২ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মঙলবাৰে তেজপুৰত শোনিতপুৰ জানেলিষ্ট ইউনিয়নৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰী সাংবাদিক সকলে শোণিতপুৰ জিলাৰ তেজপুৰৰ আদালত চাৰিআলিত প্ৰতিবাদ সাৱস্ত্য কৰি সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,  বিজেপি গ’ বেক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি চৰকাৰ হুচিয়াৰ প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথত উত্তাল কৰি তোলে। সাংবাদিক সকলে বিভিন্ন প্ৰতিবাদী প্লেকাড প্ৰদশন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে অসম চৰকাৰক এই বিতৰ্কিত বিলখন বাতিল কৰিবলৈ দাবী জনায়।