ৰঙাপৰা, সংবাদ ৩৬৫, ২২ মেঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বিভিন্ন অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্মক অব্যহত থকাৰ সময়তে ৰঙাপৰা আৰক্ষী চকীৰ অন্তৰ্গত ফুলগুৰিৰ  বাহুমাৰীৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰঙাপৰা অাৰক্ষীয়ে জব্দ কৰে লক্ষ্যাধিক টকাৰ মূল্যৰ কাঠসহ দুখনকৈ বলেৰ পিকঅাপ ভেন। ৰঙাপৰা আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠসহ বলেৰ পিকঅাপ ভেন দুখন বনবিভাগক গতাই দিয়ে। জানিব পৰা মতে বলেৰ পিকঅাপ ভেন দুখনে অৰুণাচল  প্ৰদেশৰ পৰা চোৰাং কাঠখিনি অানিছিল। আৰক্ষীয়ে জব্দ কৰা কাঠখিনিৰ মুল্য এক লাখ টকাতকৈও অধিক হব বুলি অনুমান কৰা হৈছে। চোৰাং কাঠসহ জব্দ হোৱা এএচ-১২-ই-৬৬০৮ অাৰু এএচ-১২-এচি-০৬২৩ নম্বৰৰ বলেৰ পিকঅাপ ভেন দুখনৰখনৰ  চালককেইজনে গাঁওৰক্ষী বাহিনীৰ লোকক দেখি পথৰ ওপৰত গাড়ী ৰখাই পলায়ন কৰাত চোৰাং কাঠখিনি জব্দ হয় যদিও আৰক্ষীয়ে কোনো ব্যক্তিক আতক কৰিবলৈ সক্ষম নহয়।